Psalms 112

1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!
ধন্য সেইজন, যিজনে যিহোৱালৈ ভয় ৰাখে আৰু তেওঁৰ আজ্ঞাবোৰত অতিশয় আনন্দিত হয়।
2তেওঁলোকৰ বংশধৰসকল পৃথিৱীত শক্তিশালী হ’ব;
ঈশ্বৰভক্তসকলৰ বংশ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।

3তেওঁলোকৰ ঘৰত ধন-সম্পদ থাকে;

তেওঁলোকৰ ধাৰ্ম্মিকতা চিৰকাললৈকে থাকে।
4ঈশ্বৰভক্তসকলৰ কাৰণে অন্ধকাৰতো দীপ্তি উদয় হয়;
তেওঁলোক কৃপাময়, স্নেহশীল আৰু ধাৰ্ম্মিক।
5যিসকলে কৃপা কৰে আৰু ঋণ দিয়ে, তেওঁলোকৰ মঙ্গল হয়;
তেওঁলোকে সকলো কার্যৰ বিচাৰ ন্যায়ভাৱে সম্পন্ন কৰে।

6কাৰণ ধার্মিক লোকত কেতিয়াও লৰচৰ নহ’ব;

ধাৰ্ম্মিক লোকক মানুহে চিৰকাল সোঁৱৰণ কৰিব।
7দুঃসংবাদ শুনিলেও তেওঁলোকে ভয় নকৰিব;
তেওঁলোকৰ হৃদয় দৃঢ় হৈ থাকে;
তেওঁলোকে যিহোৱাত ভাৰসা ৰাখে।

8তেওঁলোকৰ হৃদয় সুস্থিৰ; তেওঁলোকে ভয় নকৰে;

শেষত তেওঁলোকে নিজৰ শত্ৰুবোৰৰ ওপৰত বিজয় দেখিব।
9তেওঁলোকে মুক্তহস্তে দৰিদ্রসকলক দান কৰিলে;
তেওঁলোকৰ ধাৰ্ম্মিকতা চিৰকাললৈকে থাকে;
তেওঁলোকৰ শিং মৰ্য্যদাৰে উন্নত হয়।

দুষ্টলোকে তাকে দেখি ক্রোধিত হ’ব; তেওঁলোকে দাঁত কৰচিব আৰু গলি যাব;

দুষ্টবোৰৰ মনৰ কামনা নিস্ফল হ’ব।
10

Copyright information for AsmULB